XtGem Forum catalog
@ প্ৰথমবাৰৰ বাবে কাৰোবাক
ভাল লাগিছিল @

প্ৰথমবাৰৰ বাবে কাৰোবাক
ভাল লাগিছিল
প্ৰথমবাৰৰ বাবে কাৰোবাক মোৰ
নিজৰ যেন লাগিছিল আগতেও কিমান যে
ফুল ফুলিছিল
কিন্তু এনেকুৱা সুগন্ধতো নাছিল

আজি নাজানো
কি হৈছে মোৰ
হৃদয়ৰ স্পন্দনে মাথোঁ
কয়
তোমাৰ কথা

চকু মেলি চালোঁ কতোচোন একোৱে নাই,
সেউজীয়া হৈ উঠিছে মাথোঁ প্ৰেমৰ ঠাই !
----------------------------

সিদিনা হঠাৎ
তোমাৰ চকুযুৰি
মোৰ চকুত পৰিল
ঠিক ধৰিব নোৱাৰিলোঁ
সেই চকুযুৰি
সুখৰ নে দুখৰ

মেঘে আৱৰি ধৰা আকাশখনৰ দৰে
যদি তেতিয়া বৰষুণ
সৰিল হেঁতেন !
----------------------------

সুখী মই
======
খন্তেক সময়ৰ বাবে কিয় আহিছিলা মোৰ জীৱনলৈ

খন্তেকৰ বাবে কিয় মৰম যাচিছিলা

সুখী কৰি থৈ গুচি গলা ক'ত
খন্তেকৰ বাবে।

এবাৰো নাভাবিলা মোৰ কথা!
----------------------------

@ লভিতা @

লভিতা,আমাৰ গাইজনীৰ এটি সৰু পোৱালী ।
সৰু থাকোতে তাৰ মা, বন্ধু আদি সকলোৰে পৰা আঁতৰাই আন ঠাইত পঠিওৱা হ'ল । কিন্তু লভিতাৰ বাবে সেইখন অজান দেশত এতিয়া চাগে বহুত বন্ধু হ'ল।
সৰু থাকোতে তাই দুহিতাৰ লগত খেলিছিল।
এতিয়া হয়তো আমাক পাহৰিয়ে পেলালে !
----------------------------

ණ পূৰৱী কলিতা